নায়কৰ অস্ত্ৰ -শস্ত্ৰ
আগতে আমি কথাছবিখনৰ নামাকৰণ, নায়কৰ চুলিৰ লগতে দুটা দৃশ্য সম্পৰ্কে আলোচনা কৰিছিলোঁ ৷ ইয়াত আমি নায়কৰ অস্ত্ৰ সম্পৰ্কত আলোচনা কৰিব খুজিছোঁ ৷
জংঘললৈ যোৱাৰ সময়ত নায়কৰ লগত
পিষ্টল আৰু উন্নত মানদণ্ডৰ ৰাইফল থকাৰ কথা আমি দৃশ্যৰ জৰিয়তে জানিব পাৰোঁ ৷ ব'মা লগত নিয়া দেখা নাযায় যদিও সময়ে সময়ে নায়কে উন্নত মানদণ্ডৰ ৰাইফলৰ জৰিয়তেই কেইবাঠাইতো বিস্ফোৰণ ঘটাইছে ৷
দৃশ্যৰ সময় 10.42 ৰ পৰা 11.00 ৰ ভিতৰত আমি দেখিবলৈ পাওঁ যে নায়কে জংঘলৰ ভিতৰত দুটামান ঘৰ দেখিবলৈ পায় আৰু সেই ঘৰকেইটা সন্ত্ৰসবাদীৰ বাসস্থান বুলি সন্দেহ কৰি ' চব ক্ৰিমিনেল কা .. উৰাই দোংগা চালে ' বুলি কৈ হাতত থকা ৰাইফলটোৰে ঘৰকেইটালৈ গুলি চলায় ৷ কিছুসময় গুলি চলোৱাৰ পাছতেই ঘৰকেইটাত বিস্ফোৰণ ঘটে আৰু ধ্বংস হয় ৷
সময় 15.21 ৰ পৰা 16.07 ৰ মাজৰ দৃশ্যত আমি দেখিবলৈ পাওঁ যে নায়কে নাও লৈ পানীৰ মাজেৰে গৈ থাকোঁতে হঠাৎ কিছু দূৰত নাৱেৰে গৈ থকা কেইজনমান সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে ৷ সন্ত্ৰাসবাদীকেইজনে নায়কলৈ গুলিবৰ্ষণ কৰে ৷ নায়কেও নাৱৰ পৰা পিষ্টলটো তুলি লৈ শত্ৰুপক্ষলৈ কেইটামান গুলি মাৰে ৷ পাছত তেওঁ পিষ্টলটো নাৱত ৰাখি শক্তিশালী ৰাইফলটো তুলি লয় আৰু সন্ত্ৰাসবাদীকেইজনলৈ অহৰহ গুলিচালনা কৰে ৷ গুলি চলাই থাকোঁতেই শত্ৰুপক্ষৰ নাৱত বিস্ফোৰণ ঘটে আৰু শত্ৰুপক্ষৰ সকলো ধ্বংসপ্ৰাপ্ত হয় ৷ আনন্দত নায়কে কৈ উঠে— " উৰাই দিয়া ৷ "
44.22 ৰ পৰা 44.44 ৰ মাজৰ সময়ছোৱাৰ দৃশ্যত দেখিবলৈ পাওঁ , নায়কে দূৰবীক্ষণ যন্ত্ৰেৰে চাই দেখিছে যে কেইজনমান সন্ত্ৰাসবাদী দলং এখনৰ ওপৰেৰে খোজকাঢ়ি আহি আছে ৷ নায়কে কৈছে, " টেৰৰিষ্ট ল'গ ইচ দলং পাৰ হৌকে আতা হে , ........ ইচ দলং কৌ ব্লাষ্ট কৰ দোংগা ৷ ব্লাষ্ট ব্লাষ্ট ব্লাষ্ট ৷ " ইয়াৰ পাছতেই আমি নায়ক আৰু সন্ত্ৰাসবাদী পক্ষৰ মাজত গুলিয়াগুলি হোৱা দেখোঁ ৷ নায়কৰ হাতত এটা ৰাইফল ৷ ৰাইফলটোৰে তেওঁ গুলিচালনা কৰি আছে, কৰি আছে .... ৷ অৱশেষত কথামতেই কাম ৷ দলংখনৰ খুটা এটাৰ ওচৰতে এক ভয়ংকৰ বিস্ফোৰণ ঘটে ৷ বিস্ফোৰণত দলঙৰ খুটা ভাগি উফৰি পৰে ৷ আৰু সন্ত্ৰাসবাদীকেইটা ? সিহঁতৰ কোনো চিন-চাব নাইকিয়া হৈ পৰে ৷ এই বিস্ফোৰণো সম্ভৱ হ'ল ৰাইফলৰ পৰা ওলোৱা গুলিৰ ফলতেই ৷
তিনিওক্ষেত্ৰতে হোৱা বিস্ফোৰণ সংঘটিত হয় নায়কৰ ৰাইফলৰ জৰিয়তেই ৷ কথাছবিখনত উন্নত মানদণ্ডৰ অস্ত্ৰৰ ব্যৱহাৰ সময়োপযোগী আৰু বাস্তৱসন্মত হৈছে ৷
