অকমানিহঁতৰ ভঁৰালী কোঠাত
বিহু উৰুকা ৰাতি
পাচিত বহি পিঠাবোৰে
আছিল কথা পাতি ৷
চুঙা পিঠাই মাতিলে ঘপৰাই
"খোলাচাপৰীয়া বাই !
দেশৰ কথা, দহৰ কথা
শুনিছনে নাই ?
এই দেশত আৰু বেছি দিন
নাই আমাৰ ভাত"
"কিয় কৱ তেনে দুখ লগা কথা?"
সুতুলীয়ে দিলে মাত ৷
ফেনী পিঠায়ে দিলে উত্তৰ
ফেন উলিয়াই—
"হওঁতে আমাৰ চুঙা বোপাই
মিছা কোৱা নাই ৷
আজিকালি আৰু অকমানিয়ে
নাপায় আমাক চিনি,
লুচি লাগে, বিস্কুট লাগে
লাগে চাহ পানী ৷
টপাটপ ৰসৰ গোল্লা
মুখত সোমাব পাই
লাৰু আৰু পিঠাবোৰক হায়
ঘিণৰ চকুৰে চায় ৷
পিঠাৰ এই ঘোৰ অপমান
তালৈ কোনে কৰে কাণ,
এইদৰে হ'লে আমি বেছিদিন
জীয়াই থকাই টান ৷"
